চৰকাৰী কৰ্মচাৰীক সকীয়নি মুখ্যমন্ত্ৰীৰ, পেণ্ডিং ফাইল নিষ্পত্তিত বিশেষ গুৰুত্ব

ৰাজ্যৰ চৰকাৰী সেৱা অধিক সৰল আৰু জনমুখী কৰাৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। স্বাধীনতা দিৱস উপলক্ষে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ কেন্দ্ৰীয় কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে চৰকাৰী কাম-কাজৰ ক্ষেত্ৰত দ্ৰুততা আৰু সুশাসনৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

ৰাজ্যৰ বিভিন্ন চৰকাৰী কাৰ্যালয়ত দীৰ্ঘদিন ধৰি অমীমাংসিত হৈ থকা ফাইলসমূহ ক্ষিপ্ৰতাৰে নিষ্পত্তি কৰাৰ বাবে ‘মিছন সদ্ভাৱনা’ আৰু ‘প্ৰজেক্ট সদ্ভাৱনা’ আৰম্ভ কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্য সচিব আৰু অতিৰিক্ত মুখ্য সচিবসকলক লৈ এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। অহা ২ অক্টোবৰৰ পৰা মিছন মুডত এই অভিযান আৰম্ভ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

ইফালে, ৰাইজৰ কাম সময়মতে সম্পূৰ্ণ নকৰা আৰু ফাইল অযথা পলম কৰা চৰকাৰী বিষয়া-কৰ্মচাৰীসকলক কঠোৰ সকীয়নি দিয়ে মুখ্যমন্ত্ৰীয়ে। ডিজিটেল যুগত ৰাইজক অযথা অপেক্ষা কৰাই ৰখা গ্ৰহণযোগ্য নহয় বুলি তেওঁ মন্তব্য কৰে।

অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কটন বিশ্ববিদ্যালয়ৰ বাবে ১০০ কোটি টকাৰ ঘোষণা কৰাৰ লগতে ১,০০০গৰাকী কৃষকক মুখ্যমন্ত্ৰী কৃষি উৎকৰ্ষ বঁটাৰে সন্মানিত কৰাৰ কথাও প্ৰকাশ কৰে।

যুৱ সমাজৰ উন্নয়নৰ বাবে ৰাজ্যত নতুন এটা বিভাগ গঠনৰ পৰিকল্পনাৰ কথাও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। লগতে ৰাজ্যৰ ৪০টা ৰাজহ চক্ৰত ভূমি ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰত তিনিটা প্ৰজন্মৰ নথি-পত্ৰৰ প্ৰয়োজনীয়তাৰ কথা তেওঁ ঘোষণা কৰে।

ইয়াৰ উপৰি অসম মালা আঁচনিৰ অধীনত নতুনকৈ ৬,০০০ কিলোমিটাৰ পথ নিৰ্মাণৰ পৰিকল্পনাৰ কথাও প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে।

মুখ্যমন্ত্ৰীয়ে পিতৃ-মাতৃসকলক সন্তানৰ শিক্ষাত অধিক গুৰুত্ব আৰু বিনিয়োগ কৰিবলৈ আহ্বান জনোৱাৰ লগতে ভূগৰ্ভস্থ পানী সংৰক্ষণৰ বাবে বৰষুণৰ পানী সংৰক্ষণত ৰাইজক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।

বাল্যবিবাহৰ বিৰুদ্ধেও চৰকাৰৰ কঠোৰ স্থিতিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসম আৰক্ষীয়ে ১ নৱেম্বৰৰ পৰা পুনৰ এমাহজোৰা অভিযান চলাব।

লগতে বিবাহ বিচ্ছেদ নকৰাকৈ দ্বিতীয় বিবাহ বা সম্পৰ্কৰ অভিযোগৰ ক্ষেত্ৰত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ পৰিকল্পনাৰ কথাও তেওঁ সদৰী কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top