এটচুৰ উদ্যোগত শীঘ্ৰে আৰম্ভ হ’ব মিছন প্ৰজ্ঞা

ºº বিশেষ সেৱাºº সদৌ তিৱা ছাত্ৰ সন্থা চমুকৈ এটচুৰ উদ্যোগত শীঘ্ৰে আৰম্ভ হ’ব মিছন প্ৰজ্ঞা। শিক্ষা, একতা আৰু সংগ্ৰামৰ জৰিয়তে তিৱা জনগোষ্ঠীৰ প্ৰতিজন মেধাৱী ছাত্ৰ-ছাত্ৰীক প্ৰশাসনৰ উচ্চ শিখৰত উপনীত কৰোৱাটোৱেই এই মিছনৰ মূল লক্ষ্য।

আঁচনিখন জৰিয়তে প্ৰশাসনীয় সেৱাত তিৱা যুৱক-যুৱতীসকলৰ অংশগ্ৰহণ বৃদ্ধি কৰা, প্ৰতিভাবান ছাত্ৰ-ছাত্ৰীক পোনপটীয়া মেন্টৰশিপ প্ৰদান কৰা আৰু আৰ্থিক প্ৰতিবন্ধকতা দূৰ কৰি তেওঁলোকৰ কেৰিয়াৰ উজ্জ্বলাই তোলাৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰা হয়। প্ৰকল্পটো সুচাৰুৰূপে পৰিচালনা তথা তিৱা ছাত্ৰ-ছাত্ৰীক সঠিক পথ দৰ্শন কৰাৰ উদ্দেশ্যে তিৱা জনগোষ্ঠীৰ কৰ্মৰত আৰু অৱসৰপ্ৰাপ্ত কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ কেইবাজনো অসামৰিক সেৱাৰ বিষয়াক লৈ অলপতেই মৰিগাঁও চহৰৰ জনজাতীয় জিৰণী চোৰাত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰা হয়।

ইপিনে এই সভাৰ পিছতে সদৌ তিৱা ছাত্ৰ সন্থাৰ সভাপতি মুক্তি লালুং আৰু সাধাৰণ সম্পাদক ভৃগু বৰদলৈ আৰু মুখ্য উপদেষ্টা চেনিৰাম মালাঙ্গৰ নেতৃত্বত এখন সংবাদমেল অনুষ্ঠিত কৰা হয়। এই সংবাদ মেলত এটচুৱে পশ্চিম কাৰ্বি আংলং জিলাৰ থাৰাকুঁচি জলবিদ্যুৎ প্ৰকল্পটোৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে। খিলঞ্জীয়া তিৱা তথা স্থানীয় জনজাতিসকলৰ স্বাৰ্থক জলাঞ্জলি দি চলোৱা এই প্ৰকল্পই অঞ্চলটোৰ প্ৰাকৃতিক পৰিবেশ, জৈব বৈচিত্ৰ্য আৰু থলুৱা বসতিস্থলৰ ওপৰত মাৰাত্মক ভাবুকি কঢ়িয়াই আনিব বুলি অভিযোগ কৰি ইয়াৰ তীব্ৰ বিৰোধিতা কৰে।

লগতে খিলঞ্জীয়া ৰাইজৰ অনুমতি আৰু সন্মতি অবিহনে থাৰাকুঁচিত জনবিৰোধী জলবিদ্যুৎ প্ৰকল্পটো প্ৰতিষ্ঠা কৰিবলৈ দিয়া নহ’ব বুলি কৈ চৰকাৰে শীঘ্ৰেই এই প্ৰকল্পটো বাতিল নকৰিলে এটচুৱে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব বুলি সকীয়াই দিয়ে। আনহাতে জাগীৰোডৰ টাটা চেমিকণ্ডাক্টৰ প্ৰকল্পত থলুৱা শিক্ষিত যুৱক-যুৱতীৰ কৰ্মসংস্থানৰ বাবেও এটচুৱে দাবী জনায়।

সংবাদমেলত এটচুৰ উপ-সভাপতি ধনেশ্বৰ দলৈ, কোষাধ্যক্ষ মহন্ত ছাগ্ৰা, মৰিগাঁও জিলা সমিতিৰ সভাপতি দিপাংক মাছলাই, কামৰূপ জিলাৰ ভূমি সুৰক্ষা সমিতিৰ সভাপতি কুলেন বৰঢ়ো আদি উপস্থিত থাকে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top