মৰিগাঁৰৱ নৱনিযুক্ত জিলা আযুক্ত সৃষ্টি সিং- সংবাদকৰ্মীৰ মাজত মত-বিনিময়

ºº বিশেষ সেৱাºº মৰিগাঁও জিলাৰ নৱনিযুক্ত জিলা আয়ুক্ত সৃষ্টি সিং আৰু জিলাখনৰ সংবাদকৰ্মীসকলৰ মাজত অলপতে জিলা আয়ুক্তৰ কাৰ্যালয়ত এক মত-বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়। অতিৰিক্ত জিলা আয়ুক্ত ৰাকেশ ডেকাৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানৰ আৰম্ভণিতে জিলাখনৰ সাংবাদিকসকলে নৱনিযুক্ত জিলা আয়ুক্তগৰাকীক ফুলাম গামোচাৰে উষ্ণ আদৰণি জনায়।

ইয়াৰ পিছতে সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলে জিলাখনৰ জনস্বাৰ্থৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় জিলা আয়ুক্তৰ দৃষ্টিগোচৰ কৰে। আলোচনাত জিলাখনৰ বিভিন্ন প্ৰান্তত সৃষ্টি হোৱা কৃত্ৰিম বানপানীৰ সমস্যা, যুৱ সমাজৰ মাজত বৃদ্ধি পোৱা ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্যৰ প্ৰচলন, লগতে কৃষকসকলৰ সুবিধাৰ্থে জলসিঞ্চন ব্যৱস্থা অধিক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ দৰে বিষয়সমূহ উত্থাপন কৰা হয়।

উত্থাপিত বিষয়সমূহৰ প্ৰতি সঁহাৰি জনাই জিলা আয়ুক্তগৰাকীয়ে কয় – জিলা প্ৰশাসনে সমস্যাসমূহ পৰ্যালোচনা কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। সঠিক তথ্য প্ৰচাৰ আৰু ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ ক্ষেত্ৰত সংবাদ মাধ্যমে পালন কৰি অহা গঠনমূলক ভূমিকাৰ তেওঁ শলাগ লয়। লগতে জিলাখনত অনুষ্ঠিত হ’বলগীয়া আগন্তুক উপ-নিৰ্বাচন স্বচ্ছ, শান্তিপূৰ্ণ আৰু সুচাৰুৰূপে সম্পন্ন কৰাৰ স্বাৰ্থত সংবাদ মাধ্যমৰ সহযোগিতা আৰু সমৰ্থন কামনা কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top